Joya Nai ( জয়া নাই জয়া নাই)//Bishnu Prasad Rabha//Zubeen Garg// Lyrics by Utpal Das

 

          Song :Joya Nai 

          Music: Bishnu Prasad Rabha

          Singer: Zubeen Garg

           Lyrics by Utpal Das

          Plz visit my youtube channel:      Utpal das Creation







জয়া নাই

....................

জয়া নাই জয়া নাই

অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই ... জয়া নাই
জয়া নাই.... জয়া নাই….

জয়সাগৰত বুকুৰ মাজত
উঠে চকুলোৰে ঢল,
মলয়াই তোলে
হিয়াভগা সুৰ,
কৰুণ বিননী ৰোল
জয়া নাই... জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই... জয়া নাই
জয়া নাই.... জয়া নাই….

তেজৰ টোপাল চকুলো ওলাল
নয়নৰ পাহি ফালি...
কলিজাৰ চাকি জালিলে দীপালি
বুকুৰ অগনি জালি,
পাৰতে সাজিলে স্মৃতিৰ দেউল
প্ৰেমৰ সুৰভি ঢালি,
স্বামীকো তৰিলে দেশকো ৰাখিলে
নিজকেই দিলে বলি,
জয় দেউলৰ শিলত বোলালে
সোণৰ গৰিমা বোল,
আজিও কুলিয়ে কলচিত বহি
তোলে বিননী ৰোল,
জয়া নাই... জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই….

সেই সাগৰৰ তেজৰ টুপিৰে
বোলোৱা ৰাঙলী চুলি,
জলোৱা দীপালি চাকিৰ শিখাৰে
হৃদয় শলিতা জালি,
উঠা অসমৰ গাভৰু ছোৱালী
জাগা অসমীয়া দল,
আজিও জয়া হিয়াতেই আছে
নুতুলিবা তেনে ৰোল,
জয়া নাই... জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই... জয়া নাই
জয়া নাই... জয়া নাই….




Comments

Popular posts from this blog

2.Bukute Gupute lyrics zubeen Garg(বুকুতে গুপুতে)//ZG lyrics // lyrics by Utpal Das

3.Pakhi Meli Diye lyrics zubeen garg(পাখি মেলি দিয়ে)//ZG Lyrics// by Utpal Das